Show/Hide Keyboard Layout

সাত সাগৰৰ দেশ বিদেশৰ

- জ্যোতিপ্ৰসাদ আগৰৱালা

সাত সাগৰৰ দেশ বিদেশৰ

তেৰ নদীৰ পাৰে

আমাৰ দেশৰ নানা বৰণৰ

নানান নিচান উৰে ।

 

নানা খনিকৰে নানা কাৰিকৰে

যতনেৰে যিখিনি কৰে

নোহোৱা নোপোৱা কত অমূল্য

বাহানি গঢ়িছে নৰে ।

 

তাকে তোমালৈ মাত পাবলৈ

আনিছো সকলোটি

মাতা অ’ নিমাতী ।।

 

Hits: 1807